মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অসম 2024: Mukhyamantri Mahila Udyamita Abhiyaan Assam MMUA

Mukhyamantri Mahila Udyamita Abhiyan Assam MMUA

Mukhyamantri Mahila Udyamita Abhiyaan Assam (MMUA) 2024: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মাদেৱে ইতিমধ্যে ৰাজ্যৰ মহিলাসকলৰ বাবে ঘোষণা কৰিলে এক সুখবৰ। ৰাজ্যৰ মহিলাসকলক ব্যৱসায় আৰম্ভ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদানৰ বাবে‌ অসম‌ চৰকাৰে আৰম্ভ কৰিছে এই অভিযান। এই অভিযান অধীনত ৰাজ্যৰ আত্মসহায়ক গোটৰ সৈতে জড়িত 39 লাখ মহিলাক ক্ষুদ্ৰ উদ্যোগী হ’বলৈ প্ৰশিক্ষণ দিয়া হ’ব ।  “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ” অধীনত ৰাজ্যৰ যোগ্য মহিলাসকলক ঋণৰ ৰূপত ৩৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব, যাৰ বাবে তেওঁলোকে ১ লাখ টকা পৰ্যন্ত আয় লাভ কৰিব।

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ” ফৰ্মসমূহ  18  January 2024 ৰ পৰা 25 January 2024 ৰ ভিতৰত জিলা‌ভিক্তিক‌ভাবে  ‌গ্ৰাম পঞ্চায়ত‌ত  বিতৰণ প্ৰক্ৰিয়া  আৰম্ভ হৈছে। উল্লেখযোগ্য যে এই ফৰ্মসমূহ‌ বিনামূলীয়াকৈ গ্ৰাম পঞ্চায়তত প্ৰদান কৰা হ’ব। অধিক তথ্যৰ বাবে অসম চৰকাৰৰ DIPR ৰ Website ত Visit কৰিব।

Mukhyamantri Mahila Udyamita Abhiyaan Assam MMUA সুবিধাসমূহ হৈছে-

1. ৰাজ্যৰ আত্মসহায়ক গোটৰ ৩৯ লাখ মহিলাক Mukhyamantri Mahila Udyamita Abhiyaan Assam MMUA আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব।

2. ৰাজ্যৰ যোগ্য মহিলাসকলক ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰে ঋণৰ ৰূপত ৩৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব।

3. ৰাজ্যত নিয়োগৰ সুবিধা বৃদ্ধি হোৱাৰ লগতে নিবনুৱাৰ হাৰ হ্ৰাস পাব আৰু গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন হ’ব।

4. হিতাধিকাৰী মহিলাগৰাকীক প্রথম বছৰত ১০,০০০ (দহ হাজাৰ ) টকা চৰকাৰৰ ‌ফালৰ পৰা ‌এককালীন‌ সাহায্য দিয়া‌ হ’ব।

5. ব্যৱসায়ত উন্নতি দেখুৱালে পৰৱৰ্তী বছৰত আকৌ 12,500 টকা ‌চৰকাৰৰ ফালৰ পৰা ‌এককালীন‌ সাহায্য আৰু বেংকৰ পৰা 12,500 টকাৰ ঋণ প্ৰদান কৰা হব। অৰ্থাৎ আগন্তুক দ্বিতীয় বছৰত মুঠ 25,000 (পঁচিশ হাজাৰ) লাভ কৰিব।‌‌ ফলত ‌মহিলাগৰাকী প্ৰথম আৰু দ্বিতীয় বছৰৰ অন্তত সৰ্বমুঠ ‌35,000 ( পঁয়ত্ৰিশ‌ হাজাৰ) টকা লাভ কৰিব।

Mukhyamantri Mahila Udyamita Abhiyaan Assam MMUA আচঁনিৰ বাবে যোগ্যতা সমূহ হৈছে –

1. আবেদন কৰা মহিলাসকলে আত্মসহায়ক গোটৰ সদস্য হ’ব লাগিব আৰু আত্মসহায়ক গোটটো অসম‌ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM) ৰ অধীনত পঞ্জীয়নভুক্ত হ’ব লাগিব।

2. হিতাধিকাৰী মহিলাগৰাকীৰ বেংক‌ একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা হ’ব লাগিব।

3. আবেদন কৰা মহিলাগৰাকী ইতিমধ্যে কোনো ধৰণৰ আত্মসহায়ক গোট ‌, ফেডাৰেচন, বেংকৰ আদিৰ পৰা পূৰ্বে কোনো ঋণৰ ডিফল্টাৰ হোৱা উচিত নহয়।
(এইক্ষেত্ৰত 2021 চনৰ পূৰ্বে মাইক্ৰফাইনেন্স প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা‌ সকলক ডিফল্টাৰ গণ্য কৰা নহ’ব।)

4. Mukhyamantri Mahila Udyamita Abhiyaan Assam MMUA আবেদনকাৰী মহিলাগৰাকী নিম্নতম এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত হ’ব লাগিব।

5. সাধাৰণ (General) আৰু অ’বিচি (OBC) শ্ৰেণীৰ হিতাধিকাৰী মহিলাগৰাকী তিনিটাতকৈ অধিক সন্তানৰ মাতৃ হ’ব নালাগিব।

6. অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতিৰ (ST), মৰাণ/ মটক/ চাহ জনজাতিৰ হিতাধিকাৰী মহিলাগৰাকী চাৰিটাতকৈ অধিক সন্তানৰ মাতৃ হব নালাগিব।

7. আবেদন কৰা মহিলাগৰাকীৰ বিদ্যালয়ত যাবলগীয়া বয়স হোৱা কন্যা সন্তান থাকিলে বিদ্যালয়ত নামভৰ্তি কৰাটো বাধ্যতামূলক।

8. আবেদনকাৰী মহিলাগৰাকীয়ে “অমৃত বৃক্ষ আন্দোলনৰ” অধীনত ৰোপণ কৰা গছ দুজোপা জীয়াই থাকিব লাগিব।

Mukhyamantri Mahila Udyamita Abhiyaan Assam MMUA

Also read:

7 thoughts on “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অসম 2024: Mukhyamantri Mahila Udyamita Abhiyaan Assam MMUA

  1. 🤓😒😑😑😒😰😰😰😫😫😫😫😫😫😫😫😫😫😫😫😫😫😫😫😫

Leave a Reply

Your email address will not be published. Required fields are marked *