Mission Basundhara 3.0: Basundhara 1.0 আৰু Basundhara 2.0 ৰ সফলতাৰ পৰা অনুপ্ৰাণিত হৈ অসম চৰকাৰে Mission Basundhara 3.0 আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। যোৱা 16 February 2024 তাৰিখে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা দেৱে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত Mission Basundhara 2.0 ৰ সামৰণি অনুষ্ঠানত আগন্তুক লোক সভা নিৰ্বাচনৰ পিছত আৰম্ভ হবলগীয়া Basundhara 3.0 ৰ প্ৰস্তুতিৰ আৰম্ভনি কৰে।
Table of Contents
Services under Mission Basundhara 3.0
1. Review of Rejected Cases of Mission Basundhara 2.0: মাটিৰ পট্টা পাবলৈ হলে Basundhara 2.0 ত তিনিটা গোষ্ঠীৰ তথ্য অৰ্থাৎ Inhabitant Certificate ৰ প্ৰয়োজন হৈছিল। ইয়াৰ ফলত আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল, আদিবাসী সম্প্ৰদায়কে ধৰি কেইটামান সম্প্ৰদায় বাদ পৰিছিল।
সেয়েহে Mission Basundhara 3.0 ৰ সময়ত অসমৰ চাহ জনগোষঠী (Tea Tribes), আদিবাসী লোকসকল, গোৰ্খা সম্প্ৰদায়কে ধৰি অসমৰ অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST) ৰ লোকসকলৰ বাবে তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ নিবিছৰাকৈ মাটিৰ পট্টা দিয়া হ’ব।
ইয়াৰ ফলত Mission Basundhara 2.0 ত Reject হোৱা 2 লাখ মান আবেদনৰ সমস্যা সমাধান হব।
2. Settlement of Land to Non-individual Juridical Entities: দীৰ্ঘ দিনে ভূমি ভোগদখল কৰি থকা খিলঞ্জীয়া লোকেৰে গঠিত সমবায় সমিতি, গোট বা অনান্য সংগঠন আৰু প্ৰতিষ্ঠানসমূহক Basundhara 3.0 ৰ সময়ত সেই অনুষ্ঠানটোৰ নামত পট্টা দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব ।
3. Ownership Rights to Urban Tenants: প্ৰয়োজনীয় বিধায়িনী আৰু নীতিসমূহৰ সংশোধনৰ পিছত নগৰ অঞ্চলত দীৰ্ঘ দিন ধৰি মাটি দখল কৰি অহা ৰাইজক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰা হ’ব ।
4. Settlement of erstwhile Bhoodan/Gramdan Land: পূৰ্বে আবণ্টন কৰা ভূ-দান / গ্ৰাম-দান ভূমিত যদি খিলঞ্জীয়া লোকে বসবাস কৰি আছে তেনেখেত্ৰত সেই লোকসকলক পট্টা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । আৰু বাকী মাটি সমূহ চৰকাৰী ভূমিলৈ ৰূপান্তৰিত কৰা হ’ব ।
5. Reclassification of Land: Mission Basundhara 3.0 ত ভূমিশ্ৰেণীৰ পৰিবৰ্তন বহুল ভাৱে কৰা হ’ব।
6. Conversion of Annual Patta to Periodic Patta in Urban and Peripheral Areas with Reasonable Premium: নগৰ আৰু ইয়াৰ পেৰিফেৰেল অৰ্থাৎ কাষৰীয়া এলেকা সমূহৰ প্ৰিমিয়ামৰ হাৰ যুক্তিসংগতভাৱে পুনৰ নিৰ্ধাৰণ কৰি একচনা পট্টাৰ পৰা ম্যাদি পট্টালৈ উন্নীতকৰণ কৰা হ’ব।
এই সেৱা সম্পূৰ্ণ ডিজিটেল ভাৱে আগবঢ়োৱা হ’ব ।
7. Conversion of Patta Type from Tea Grant Land to Periodic Patta: অসমৰ বিভিন্ন ‘চাহ বাগিছা গ্ৰাণ্ট’ত বসবাস কৰি থকা প্ৰকৃতাৰ্থত ভূমিহীন লোকসকলক এককালীন সুযোগ হিচাপে পট্টা দিয়াৰ পদক্ষেপ Mission Basundhara 3.0 ত লোৱা হ’ব।
Basundhara Mission ৰ সমাপ্তিৰ পিছত অনুদানৰ ভূমি অনিৰ্দ্দিষ্ট কামত ব্যৱহাৰ কৰিলে সেয়া জৰিমনাৰ সৈতে শাস্তিমূলক অপৰাধ হিচাপে বিবেচনা কৰিবলৈ প্ৰয়োজনীয় আইনী ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব ।
8. Settlement of Acquired Land of Religious Institutions to Landless Indigenous Families: ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বেদখল কৰা ভূমিৰ চৰকাৰীকৰণ আৰু ভূমিহীন খিলঞ্জীয়া লোকৰ সাপেক্ষে পট্টদন।
9. Map as a Service: ভূমিৰ মানচিত্ৰ ডিজিটেল মাধ্যমেৰে যোগান।
10. Mission Mode Land Revenue Arrear Collection: Mission Basundhara 3.0 ৰ এটা উল্লেখযোগ্য অংশ হ’ব ৰাজ্য খনৰ বকেয়া ভূমিৰ ৰাজহ সংগ্ৰহ কৰা ।
ইয়াৰ লগতে ভূমি বিক্ৰীৰ অনুমতিৰ আবেদন সমূহ 45 দিনৰ ভিতৰত Accept নহলে Reject কৰিবলৈ বিষয়াসকলক আহ্বান জনোৱা হৈছে।
11. Linking of Land Revenue & Zonal Valuation: এতিয়াৰে পৰা নগৰ অঞ্চলৰ ভূমিৰ কৰ এক নতুন পদ্ধতিৰে গণনা কৰা হ’ব।
নগৰ এলেকাসমূহৰ মণ্ডলিক মূল্য (Zonal Value) আৰু ভূমি ৰাজহ (Land Revenue) ৰ মাজত সংযোগ স্থাপন কৰা হ’ব। যি স্থানৰ মণ্ডলিক মূল্য বেছি সেই স্থানৰ ভূমি ৰাজহ অন্য স্থানতকৈ বেছি হ’ব।
12: Mega Land-records Purification Drive (Partition, Striking out of Name of Hanging Pattadars u/s 116 of ALRR,1886: Basundhara 1.0 আৰু Basundhara 2.0 ত কাৰ্যকৰী হৈ থকা পট্টাৰ বিভাজন (Partition) আৰু দখল নথকা পট্টাদাৰৰ নাম কৰ্তন (Striking out of Name) ৰ দৰে সেৱাসমূহ Bashundara 3.0 ৰ সময়ত অধিক তীব্ৰগতিত আগবঢ়াই নিয়া হ’ব।
ইয়াৰ লগতে ‘এজমালী’ পট্টাৰ বটোৱাৰাৰ বিষয়টোক অগ্ৰাধিকাৰ হিচাপে লোৱা হ’ব।
Also read: মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অসম 2024
When will Mission Basundhara 3.0 start ?
Mission Basundhara 3.0 will be started right after the upcoming Lok Sabha 2024 elections.
Basundhara 3.0 কেতিয়া আৰম্ভ হ’ব ?
Basundhara 3.0 আগন্তুক লোক সভা নিৰ্বাচনৰ পিছত আৰম্ভ হব ।
National Generic Document Registration System ৰ অভিযোজন
বৰ্তমানলৈকে ব্যৱহৃত e-panjeeyan সেৱাৰ বদলি অসম চৰকাৰে এতিয়াৰে পৰা NGDRS অৰ্থাৎ National Generic Document Registration System ৰ ব্যৱহাৰ কৰিব। প্ৰতিটো উপ-পঞ্জীয়কৰ কাৰ্যালয়ত NGDRS সেৱা আৰম্ভ কৰা হ’ব।
Salient Features of NGDRS
- Online Calculation of Fees
- Deed Entry by Citizen
- Zonal Value will be directly fetched from Dharitree
- Facility for Online Payment by Citizen
Mission Basundhara 3.0 ৰ জৰিয়তে ৰাজ্য চৰকাৰে নাগৰিক কেন্দ্ৰিক সেৱাসমূহ সহজ আৰু ক্ষিপ্ৰ ভাৱে আগবঢ়াই লৈ যোৱাৰ লগতে ৰাজ্যখন এখন অগ্ৰণী ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ সপোন দেখিছে ।
- প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী: Prime Minister’s Employment Generation Programme, PMEGP Loan Interest Rate and How to Apply PMEGP Loan Online?
- SSC PHASE 12 POSTS 2024: ELIGIBILITY CRITERIA, SYLLABUS AND EVERYTHING YOU NEED TO KNOW
- মুখ্যমন্ত্ৰী অসম পুণ্য তীৰ্থ যোজনা: Mukhyamantri Punya Tirtha Yojana Assam 2024, How to Apply?
- Latest Update On Mukhya Mantri Nijut Moina Scheme (MMNM) 2024 Assam Online Apply: Know Everything in Detail
- PM Suryoday Yojana Scheme Details: Post Office ৰ জৰিয়তে আৰম্ভ হৈছে এই PM Rooftop Solar Scheme 2024 ৰ বাবে আবেদন প্ৰক্ৰিয়া
2 thoughts on “Mission Basundhara 3.0 ৰ বিতং ব্যাখ্যা: A Detailed Explanation”